Mahendra Nath Deka Phukan Boys' Hostel

Mahendra Nath Deka Phukan Boys' Hostel Mahendra Nath Deka Phukan ( DS ) Boys' Hostel
Cotton University
Estd :- 1955

HS Helpdesk for COTTON UNIVERSITY Cotton University
10/04/2026

HS Helpdesk for COTTON UNIVERSITY

Cotton University

মহেন্দ্ৰ নাথ ডেকাফুকন ছাত্ৰাৱাসৰ নৱনিৰ্মিত পুথিভঁৰালত পোনপ্ৰথমবাৰৰ বাবে মিতুমণি কলিতাই কিতাপৰ টোপোলা এটি আগবঢ়াই পুথিভঁৰ...
30/11/2025

মহেন্দ্ৰ নাথ ডেকাফুকন ছাত্ৰাৱাসৰ নৱনিৰ্মিত পুথিভঁৰালত পোনপ্ৰথমবাৰৰ বাবে মিতুমণি কলিতাই কিতাপৰ টোপোলা এটি আগবঢ়াই পুথিভঁৰালটি আৰু অধিক শুৱনি কৰি তুলিছে । এইচেগতে তেখেতৰ এই মহানুভৱতাৰ বাবে‌ আৱাসৰ প্ৰতিগৰাকী আৱাসীয়ে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আগন্তুক দিনত তেখেতৰ পৰা আৰু অধিক সহায় সহযোগিতা কামনা কৰিলোঁ।

কটন বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাবাসত অধিক সময় ধৰি নীৰৱভাবে চকীদাৰ হিচাপে সেৱা আগবঢ়াই অহা ভ...
22/11/2025

কটন বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাবাসত অধিক সময় ধৰি নীৰৱভাবে চকীদাৰ হিচাপে সেৱা আগবঢ়াই অহা ভবেন কাই যোৱাপৰহি অৰ্থাৎ ২০/১১/২০২৫ তাৰিখে আমাৰ পৰা চিৰবিদায় লৈ গুচি যায়।তেওঁ আছিল মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাবাসৰ সুৰক্ষাৰ স্তম্ভ । তেওঁৰ নিষ্ঠা, দায়িত্ববোধ আৰু হোষ্টেলৰ প্ৰতিটো আবাসীৰ লগত সাঙোৰ খাই থকা প্ৰিতিৰ এনাজৰীডাল আজিও আমাৰ মনত উজ্বল হৈ থাকিব। হোষ্টেলৰ সকলো আবাসীৰ তৰফৰ পৰা তেওঁৰ বিদেহি আত্মাৰ সদগতি কামনা কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। 🕯️🙏

সদৌ অসম নাগাৰা নাম সংঘৰ প্ৰাক্তন সভাপতি তথা নাগাৰা নামৰ ভোটা তৰা, লোকশিল্পী ৰামচৰণ ভৰালীৰ দেহাৱসানত আমি গভীৰভাবে শোকাভিভ...
07/11/2025

সদৌ অসম নাগাৰা নাম সংঘৰ প্ৰাক্তন সভাপতি তথা নাগাৰা নামৰ ভোটা তৰা, লোকশিল্পী ৰামচৰণ ভৰালীৰ দেহাৱসানত আমি গভীৰভাবে শোকাভিভূত।

‎অসমীয়া সমাজ জীৱন, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত তেখেতৰ অৱদান সীমাহীন আৰু চিৰস্মৰণীয় ।তেখেতে জীৱনভৰ যি আন্তৰিকতা, নিষ্ঠা আৰু অনুৰাগেৰে লোকসংস্কৃতিৰ সেউজীয়া পৰম্পৰা আগবঢ়াই গ’ল, সেয়া আমাৰ সাংস্কৃতিক ইতিহাসৰ এক অমূল্য, অনুপম গৌৰৱৰ অধ্যায় হৈ ৰ'ব ।

‎তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি, মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসৰ সমূহ আবাসীৰ ফালৰ পৰা তেখেতলৈ জানাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।

‎"মানুহে মানুহৰ বাবে,‎যদিহে অকণো নাভাবে ‎ভাবিব কোনে? নোকোৱা!"‎‎আজিৰ দিনটোত আমি স্মৰণ কৰিছো‌ মানৱতাৰ সংগীত সাধক, অসমৰ গৌৰ...
05/11/2025

‎"মানুহে মানুহৰ বাবে,
‎যদিহে অকণো নাভাবে
‎ভাবিব কোনে? নোকোৱা!"

‎আজিৰ দিনটোত আমি স্মৰণ কৰিছো‌ মানৱতাৰ সংগীত সাধক, অসমৰ গৌৰৱ, সুধাকণ্ঠ শ্ৰদ্ধেয় ড° ভূপেন হাজৰিকা দেৱক।

তেওঁৰ ১৪তম মৃত্যু বাৰ্ষিকীৰ এই অৱসৰত, মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাবাসৰ পৰিয়ালৰ ফালৰ পৰা তেওঁৰ অমৰ সংগীত, ভাবনা আৰু আদৰ্শক একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

"তুলসীৰ তলে তলেমৃগ পহু চৰে ।তাকে দেখি  ৰামচন্দ্ৰই হৰধনু ধৰে ।।" বিহু অসমীয়া জনগণৰ  আয়ুসৰেখা । অসমীয়াৰ  বাপতিসাহোন  বিহ...
18/10/2025

"তুলসীৰ তলে তলে
মৃগ পহু চৰে ।
তাকে দেখি ৰামচন্দ্ৰই
হৰধনু ধৰে ।।"
বিহু অসমীয়া জনগণৰ আয়ুসৰেখা । অসমীয়াৰ বাপতিসাহোন বিহু তিনিটিৰ অন্যতম কাতি বিহু। বিগত বৰ্ষবোৰৰ দৰে এইবেলিও আমি মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাসৰ সমূহ আবাসীয়ে কাতি বিহু উদযাপন কৰো । তুলসীৰ তলৰ চাকি গছিৰ পোহৰে যেন সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি। কঙালীৰ গৰ্ভতে অংকুৰিত হওক ভোগালীৰ বীজ । সমূহ অসমবাসীলৈ এইছেগতে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।🙏

15/10/2025
আজি কটন বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি পোৱা ড° হীৰেন ডেকা চাৰ আৰু ছাত্ৰ কল্যাণ সঞ্চালক ড° গুনেন্দ্ৰ ...
15/10/2025

আজি কটন বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি পোৱা ড° হীৰেন ডেকা চাৰ আৰু ছাত্ৰ কল্যাণ সঞ্চালক ড° গুনেন্দ্ৰ চন্দ্ৰ দাস ডাঙৰীয়াক আমি মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাসৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনালোঁ। আশা কৰিছোঁ তেওঁলোকৰ নেতৃত্বত বিশ্ববিদ্যালয় খনে এক নতুন প্ৰগতি লাভ কৰিব।

11/10/2025
If it's at all possible, please help her — it would mean so much.
05/10/2025

If it's at all possible, please help her — it would mean so much.

Address

L. N. B Road, PANBAZAR, COTTON UNIVERSITY
Gauhati
781001

Telephone

+916001456003

Website

Alerts

Be the first to know and let us send you an email when Mahendra Nath Deka Phukan Boys' Hostel posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category