21/12/2025
এয়া ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰে এখন ছাত্ৰাৱাস অসম আৰ্হি ১০ নং ছাত্ৰাৱাস। দেশৰ ৰাজ্যিক বিশ্ববিদ্যালয় সমূহৰ ভিতৰত (NIRF Ranking) নৱম স্থানত থকা লগতে NAAC ৰ সমীক্ষাত A+ গ্ৰেড লাভ কৰা বিশ্ববিদ্যালয়ৰ এখন আৱাসৰ অৱস্থা এয়া।
বহুবাৰ আৱেদন-নিবেদন, স্মাৰক পত্ৰ, আলোচনা আদিৰ পাছতো আশ্বাসৰ বাদে কাৰ্য্যত একো নোহোৱা এখন দুৰ্ভগীয়া ছাত্ৰাৱাস এইখন।
বিশ্ববিদ্যালয়ত উপাচাৰ্য গৰাকীৰ আশেপাশে অভিজ্ঞ আৰু স্বঘোষিত দক্ষ প্ৰশাসনিক বৰমূৰীয়া থকাৰ পাছতো বিশ্ববিদ্যালয়ৰে এখন ছাত্ৰাৱাসৰ এনে অৱস্থা হৈ থকাটো অতি দুৰ্ভাগ্যজনক আৰু পুতৌঃ জনক কথা ।
এতিয়া বিশ্ববিদ্যালয়ত পৰীক্ষাৰ বতৰ , আমাৰ সকলোৰে পৰীক্ষা চলি আছে তাৰ মাজতে কিমান কষ্ট আৰু মানসিকভাৱে ভাগি পৰি খং আৰু ক্ষোভত এইখিনি কথা লিখিব লগা হৈছে কথাষাৰ অসমৰ ৰাইজে নিশ্চয় উপলব্ধি কৰিব পাৰিছে।
এজন মানুহক জীৱন নিৰ্বাহৰ বাবে পাব লগা নূন্যতম সুবিধাকনো আমি ভালদৰে পোৱা নাই। কৌতিকলীয়া কাঁহি-বাটি, অস্বাস্থ্যকৰ ৰান্ধনী শালত ৰন্ধন প্ৰকৰণ , ফটো সমূহত অস্বাস্থ্যকৰ শৌচালয় আৰু স্নানাগাৰ সমূহৰ অৱস্থা দেখিলেই গম পাব, পৰ্য্যাপ্ত পৰিমাণৰ চকী টেবুলৰ অভাৱ, আৱাসৰ চাৰিওফালে বনাঞ্চল সদৃশ জংঘল মাজে মাজে বিভিন্ন কীত-পতংগৰ লগতে বিষাক্ত সাপৰ মুক্ত বিচৰণ, কোঠালী সমূহত ৰাতি খিৰিকী আৰু দুৱাৰ বন্ধ কৰাৰ পাছত বায়ু চলাচল কৰিবলৈ কোনো সুবিধাই নাই, গৰমৰ দিনত উৎকট গৰম তাতে কেইবাটাও তিনিজনীয়া কোঠা, থাকোতে কেইবাটাও শৌচালয় আছে কিন্তু তাৰে ৩ টাহে ব্যৱহাৰৰ যোগ্য পুৱা ক্লাছ বা পৰীক্ষা থাকিলে দুঘণ্টাৰ আগৰ পৰাই শাৰী পাতিব লগা এক অৱস্থা , মাজে সময়ে বিশ্ববিদ্যালয়ৰ অভিযন্তা গৰাকীৰ নেতৃত্বত নতুন শৌচালয় নিৰ্মাণ কৰিম বুলি থিকেই জোখ মাখ ল'বলৈ আহে কিন্তু সেয়া কাগজত থকাৰ বাহিৰে কাৰ্য্যত একো হৈ নুঠে ।
এইবোৰ কথাকে তথ্য সহকাৰে যুক্তিসংগত ভাৱে বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ আগত দাঙি ধৰিলে তেখেত সকলৰ দৃষ্টিত আমি বেয়া , আমাৰ অভিভাৱকক মাতি আনি আমাক এনে কাম নকৰিবলৈ একপ্ৰকাৰৰ ভাবুকি প্ৰদান কৰে , সংবাদ মাধ্যমৰ আগত এইবোৰ আহিলে বিভিন্ন সমীক্ষাত পিছপৰি ৰয় ইত্যাদি ইত্যাদি ।
এয়া মাত্ৰ এটা উদাহৰণ দিলোঁ, এনে নানান টা সমস্যাৰে জৰ্জৰিত এটা ছাত্ৰাৱাসত থাকি কিমান পৰ্য্যায়লৈকে সুস্থ স্বাস্থ্য বৰ্তাই ৰখা তথা সুস্থ শৈক্ষিক বাতাবৰণত আৱাসী সকলে অধ্যয়ন কৰিব পাৰিব তাক আমাৰ অভিভাৱক আৰু বিজ্ঞ সকললৈ এৰিলোঁ।
আমাৰ প্ৰশাসনৰ বৰমূৰীয়া সকলৰ প্ৰতি মুকলি প্ৰশ্ন, এনে এক পৰিৱেশত যদি আপোনালোকৰ সন্তান থাকিল হেতেন তেতিয়া কি কৰিলে হেতেন ?
এবাৰ ৰাতি হোৱাৰ আগত অনুভৱ কৰি চাব!
আমি এতিয়াও আশাবাদী, বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ে বিষয়টো গুৰুত্ব উপলব্ধি কৰিব আৰু এখন সুস্থ শৈক্ষিক বাতাবৰণ থকা আৱাস আমাক প্ৰদান কৰিব।
বিশ্ববিদ্যালয়ৰ বৰমূৰীয়া সকললৈও বিশেষ আহ্বান জাকজমকতা আৰু কথাৰ ফুলজাৰি মাৰি আহৰি পালে ছাত্ৰ-ছাত্ৰীৰ মৌলিক সমস্যা সমূহ সমাধানত গুৰুত্ব প্ৰদান কৰিব।
Ranoj Pegu Himanta Biswa Sarma CMO Assam Gauhati University Laxman Acharya
অসম আৰ্হি ১০ নং ছাত্ৰাবাস,গুৱাহাটী বিশ্ববিদ্যালয়