31/10/2025
ঐ মই জুবিন ৰ্গাগে কৈছো ।
অলপো সলনি ন'হলি তহতি ,
কি ৰজাঘৰীয়া , কি বিৰোধী ,
সেই একেই আবেগ,একেই বিচাৰ একেই জাত -পাতৰ ৰাজনীতি ।
আৰে মইটো ৰাজনীতি একেবাৰেই বেয়া পাও
পলিটিক্স নকৰিবা বন্ধু ।
মোক মানুহ লাগে
I Want People
বামুন- গোসাই , কলিতা-আহোম এইবোৰ নালাগে
মোক একতা লাগে
I want unity .
মই যে কৈ থাকো মোৰ কোনো জাত নাই ,মোৰ কোনো ধৰ্ম নাই ,
তহতি বাৰু মোক ভূল বুজিলি নেকি ?
আচলতে মানৱেই মোৰ জাত
মানৱ সেৱাই মোৰ ধৰ্ম ।
তহতকো কও মানুহ হ
গছ ভাল পা , মানুহ ভাল পা, পাহাৰ ভাল পা , নদী ভাল পা , জীৱ- জন্তুক ভাল পা ।
শুনিছো মই বোলে সাগৰত মৰিলো ।
মোক বোলে মাৰি পেলালে
মাৰক
I dont care
but now i feel pain
মোক সদায় মাৰিছে অসমত
সদায় মোৰ আৰ্দশৰ হত্যা হৈছে
মই বেয়া পাও এইবোৰ
ৰাজনীতি মই বেয়া পাও
বদনাম বেয়া পাও
I dont like this things
মই মুক্ত হৈ থাকিব খোজো।
মই কাঞ্চনজংঘা হব খোজো
শুনিছো মায়াবিনী এতিয়া প্ৰাৰ্থনা হৈ গৈছে
Good,
প্ৰাৰ্থনা মানে শক্তি
প্ৰাৰ্থনা Means Power
প্ৰাৰ্থনা মানে শান্তি
প্ৰাৰ্থনা means peace
ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন
ধুমুহা আহিবই জীৱনত,সমাজত
ধুমুহা আগচি নতুন প্ৰজন্ম তহতি অভ্ৰভেদী বীৰ হব লাগিব ।
মানুহ হব লাগিব ।
হিন্দু -মুছলিম , জৈন - খৃষ্টান নহয়
মানুহ হব লাগিব ,মানূহৰ দুখত দুখী হোৱা মানুহ হব লাগিব ।
অ' আৰু এটা কথা ,
শুনিছো এতিয়া চাৰিওফালে নাহৰ ৰুইছে
Good
চাৰিওফালে সেউজীয়া হৈ থাকিব লাগে।
গছে আমাক উশাহ দিয়ে
শান্তি দিয়ে ।
পিছে ৰাইজসকল চাব দেই? উন্নয়নৰ নামত ৰাষ্টাৰ নামত গছবোৰ যাতে নাকাটে ।
হিমন্ত দাক কৈছো
আমাক ৰাষ্টাও লাগে , উন্নয়নো লাগে ,
ফ্লাইঅভাৰো লাগে
গছ গছনিও লাগে ।
ঘেন্টা কাকো খাতিৰ নকৰা মই এতিয়া বহুত দুখ পাইছো ।
হাঁহিলে মুকূতা মণি সৰা গৰিমাৰ চকুত চকুপানী ।
তাইৰ চকুত পানী মোৰ সহ্য নহয়
I want justice
we want justice .
ৰাইজসকল তাইক নেৰিব আপোনালোকে
তাইক কব মই আকৌ আহিম ,
যেতিয়াই জাত পাত ধৰ্মই মানুহৰ মনবোৰ কলুষিত কৰিব,
যেতিয়াই কোনো অসহায় মানুহে ছটফটাই থাকিব,
যেতিয়াই আইতাহতৰ চকুত এসাজ খাই এসাজ নোখোৱাৰ দুখ দেখিম ।
যেতিয়াই এন্ধাৰে পোহৰৰ বাট ভেদিব ।
তেতিয়া মই আকৌ আহিম ।
মায়াবিনী ৰাতি আকৌ চিঞৰি চিঞৰি গাম
ধুমুহা আগচি আমি হম চানচেইচন
সচাৰে গঢ়ি নিম নিউ জেনেৰেচন
নাথাকে আৰু কাৰো মনত ফ্ৰাচট্ৰেইচন
পুৰণিক ভাঙি গঢ়িম নতুনৰ ৰিভউলিশ্চন
স্ংগ্ৰহ✍️ Ashish Mahar Alom