13/09/2025
জীৱনৰ স্ৰোতত সফলতাৰ আকাশ চুমিব পৰা শক্তিৰ ইন্ধন যোগোৱাত প্ৰেৰণাৰ অৱদান অনস্বীকার্য। যোৱা ৭ ছেপ্তেম্বৰ, ২০২৫ তাৰিখে আমাৰ মাধৱ বেজবৰুৱা ১নং দুমহলীয়া ছাত্ৰাৱাসৰ প্ৰাঙ্গণত "প্ৰেৰণা ২০২৫" , উৎকৰ্ষতাৰ সমদল" শীৰ্ষক প্ৰেৰণামূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানটিত আমাৰ আৱাসৰে প্ৰাক্তন আৱাসী তথা ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত শ্ৰদ্ধাৰ সমীৰ তাঁতী ডাঙৰীয়া আৰু ড° দীপক কুমাৰ শৰ্মা ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত অসমৰ পাচঁগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ক্ৰমে ৰাকেশ ৰিয়ান, দীপান্বিতা ডেকা, লক্ষ্য, নীলাভ নীতা আৰু হেমেন অৰ্ণৱে সংগীতানুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানটিৰ মুলতে আছিল বৰ্তমান সময়ত আমাৰ আৱাসৰ বহুকেইজন প্ৰাক্তন আৱাসীয়ে সমাজৰ ভিন্ন ক্ষেত্ৰত আগবঢ়াই অহা সেৱা তথা অৱদান,আৰু তেনে উজ্জ্বল নিদৰ্শনক প্ৰতিনিধিত্ব কৰি নৱ চামক জীৱন পথত আগবাঢ়ি যাব পৰাৰ লেখীয়া উদ্গনি তথা প্ৰেৰণা যোগাৱাই আছিল আমাৰ অনুষ্ঠানটিৰ প্ৰধান উদ্দেশ্য তথা লক্ষ্য। অনুষ্ঠানটি সুকলমে পৰিচালনা কৰাত সহায়ৰ হাত আগবঢ়োৱা আৱাসৰ সকলো প্ৰাক্তন আৱাসীসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটিত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৱাস-নিৱাসৰ লগতে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে আমাক উৎসাহ প্ৰদান কৰে।
জয়তু গুৱাহাটী বিশ্ববিদ্যালয়
জয়তু গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজ
জয়তু মাধৱ বেজবৰুৱা ১নং দুমহলীয়া ছাত্ৰাৱাস