Mahendra Nath Deka Phukan Boys' Hostel

Mahendra Nath Deka Phukan Boys' Hostel Mahendra Nath Deka Phukan ( DS ) Boys' Hostel
Cotton University
Estd :- 1955

কটনৰ MNDP‌ হোষ্টেলৰ‌ বাকৰিত‌ প্ৰাণ‌ পায় উঠা‌ মনীষি  এজন আজি মেদিনী‌ৰ কোনোবাটো চুকত হেৰাই থাকিল ।আপোনাৰ আত্মাই চিৰশান্তি...
18/08/2026

কটনৰ MNDP‌ হোষ্টেলৰ‌ বাকৰিত‌ প্ৰাণ‌ পায় উঠা‌ মনীষি এজন আজি মেদিনী‌ৰ কোনোবাটো চুকত হেৰাই থাকিল ।

আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক ।

উজনি অসমৰ বহু অঞ্চলত সৃষ্টি হোৱা ভয়ংকৰ বান পৰিস্থিতিয়ে হাজাৰ হাজাৰ পৰিয়ালক গভীৰ সংকটৰ মাজলৈ ঠেলি দিছে। বহু লোকে নিজৰ ...
26/07/2026

উজনি অসমৰ বহু অঞ্চলত সৃষ্টি হোৱা ভয়ংকৰ বান পৰিস্থিতিয়ে হাজাৰ হাজাৰ পৰিয়ালক গভীৰ সংকটৰ মাজলৈ ঠেলি দিছে। বহু লোকে নিজৰ ঘৰ-বাৰী, কাপোৰ-কানি, খাদ্য, বিশুদ্ধ খোৱাপানী আৰু অন্যান্য নিত্যপ্ৰয়োজনীয় সামগ্ৰী হেৰুৱাই অতি দুৰ্দশাৰ মাজেৰে দিন অতিবাহিত কৰি আছে।, এই ভয়াৱহ দুৰ্যোগত বহুলোকে জীৱনো বিসৰ্জন দিছে।
এই দুৰ্যোগৰ সময়ত আমি আমাৰ সামৰ্থ্য অনুসৰি বানপীড়িত লোকসকলৰ কাষত থিয় দিবলৈ প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰাৰ উদ্যোগ গ্ৰহণ কৰিছোঁ। ইতিমধ্যে কাপোৰ, কম্বল, বিশুদ্ধ খোৱাপানী, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰা হৈছে। অতি শীঘ্ৰেই এই সামগ্ৰীসমূহ বানপীড়িত লোকসকলৰ মাজত বিতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
আমাৰ এই অভিযানত আন্তৰিক সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰাক্তন কটনিয়ান দুলুমণি দাস বাইদেউলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতৰ সহযোগিতাই এই প্ৰয়াসক অধিক শক্তিশালী কৰি তুলিছে।
লগতে, সমাজৰ প্ৰতিজন সচেতন আৰু সংবেদনশীল নাগৰিকলৈ আমাৰ আন্তৰিক আহ্বান—আপোনালোকেও সামৰ্থ্য অনুসৰি এই মানৱীয় প্ৰচেষ্টাত অংশগ্ৰহণ কৰক। আপোনাৰ এটি সৰু সহায়ো হয়তো কোনো এটা বানপীড়িত পৰিয়ালৰ বাবে নতুন আশাৰ পোহৰ, সাহস আৰু জীৱন জীয়াই থকাৰ প্ৰেৰণা হৈ উঠিব পাৰে।

Contact for any kind of donation-

Arjun Saikia
86388 27032

Kalyan Das
9395402930

Mantu Bora
93945 42639

আজি কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীয়ে নিজৰ সপোনক বাস্তৱায়িত কৰাৰ...
03/07/2026

আজি কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীয়ে নিজৰ সপোনক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হৈছে। নতুন ঠাই, নতুন পৰিৱেশ— কোনো পৰীক্ষাৰ্থীয়ে যাতে সামান্যতম অসুবিধাৰো সন্মুখীন নহয়, সেই উদ্দেশ্যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কটন বিশ্ববিদ্যালয় গোট আৰু MNDP-SKL-DKR পৰিয়ালৰ উদ্যোগত Help Desk- ৰ ব্যৱস্থা কৰা হয়।

Parvis Jaman
Mantu Bora
Jayanta Das
Jahir Barbhuiya

আজি মহেন্দ্ৰনাথ ডেকাফুকন ছাত্ৰাবাসৰ তৰফৰ পৰা কটন বিশ্ববিদ্যালয়ৰ চৌহদত অতিৰিক্ত দুটা Xerox Machine স্থাপনৰ দাবীত কটন বিশ...
18/06/2026

আজি মহেন্দ্ৰনাথ ডেকাফুকন ছাত্ৰাবাসৰ তৰফৰ পৰা কটন বিশ্ববিদ্যালয়ৰ চৌহদত অতিৰিক্ত দুটা Xerox Machine স্থাপনৰ দাবীত কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক (Registrar)মহোদয়ৰ ওচৰত আবেদন পত্ৰ দাখিল কৰা হয়।
এই পদক্ষেপে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ নথি-পত্ৰৰ ফটোকপি সম্পৰ্কীয় অসুবিধা বহু পৰিমাণে লাঘৱ কৰিব বুলি আশা কৰা হৈছে।

স্নাতক (UG 2022-25) মহলাৰ বহু ছাত্ৰ-ছাত্ৰী, যিসকলে কটন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ(Post-Graduation) শিক্ষালাভৰ আকাংক্ষা ...
13/05/2026

স্নাতক (UG 2022-25) মহলাৰ বহু ছাত্ৰ-ছাত্ৰী, যিসকলে কটন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ(Post-Graduation) শিক্ষালাভৰ আকাংক্ষা ৰাখে, কিন্তু বেক পেপাৰ/এৰিয়াৰৰ বাবে এতিয়ালৈকে স্নাতকোত্তৰ(PG)পাঠ্যক্ৰমত ভৰ্তিৰ যোগ্যতা আৰু সুযোগ সন্দৰ্ভত অনিশ্চয়তাৰ সন্মুখীন হৈছে।
সেয়েহে, আজি মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি উপযুক্ত সুবিধা প্ৰদান কৰে যাতে এনে ছাত্ৰ-ছাত্ৰীসকলেও স্নাতকোত্তৰ(PG)পাঠ্যক্ৰমত ভৰ্তিৰ সুযোগ লাভ কৰিব পাৰে ।

HS Helpdesk for COTTON UNIVERSITY Cotton University
10/04/2026

HS Helpdesk for COTTON UNIVERSITY

Cotton University

Address

L. N. B Road, PANBAZAR, COTTON UNIVERSITY
Guwahati
781001

Telephone

+916001456003

Website

Alerts

Be the first to know and let us send you an email when Mahendra Nath Deka Phukan Boys' Hostel posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category