Chandraprabha Saikiani A.T.3 Girls' Hall, Gauhati University

Chandraprabha Saikiani A.T.3 Girls' Hall, Gauhati University This is the official page of A.T.3 Girls' Hall - one of the oldest hall of residences, Gauh

এটা ভাল খবৰ আপোনালোকৰ সৈতে ভগাই ল’ব খুজিছোঁ —অহা ২৬ জানুৱাৰীত দিল্লীৰ কৰ্তব্য পথ অৰ্থাৎ পুৰণি ৰাজপথত গণতন্ত্ৰ দিৱস উপলক্...
27/12/2022

এটা ভাল খবৰ আপোনালোকৰ সৈতে ভগাই ল’ব খুজিছোঁ —

অহা ২৬ জানুৱাৰীত দিল্লীৰ কৰ্তব্য পথ অৰ্থাৎ পুৰণি ৰাজপথত গণতন্ত্ৰ দিৱস উপলক্ষে অনুষ্ঠিত হ’ব লগীয়া পেৰেডত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি আমাৰ আৱাসৰ সহনিৱাসী পাহি মহন্তই অংশ গ্ৰহণ কৰিব৷ উল্লেখযোগ্য যে, এই অনুষ্ঠানলৈ নিৰ্বাচিত অসমৰ চাৰিগৰাকী ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সদস্যৰ ভিতৰত পাহি মহন্তও এগৰাকী৷ উক্ত অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ পাহিৰ এই সাফল্যই স্বাভাৱিকতেই আমাক গৌৰৱান্বিত কৰি তুলিছে৷তেওঁলৈ আমাৰ হিয়াভৰা অভিনন্দন৷ তেওঁৰ ভৱিষ্যতৰ দিনবোৰ জয়জয়কাৰ হওঁক৷

প্ৰায় দুবছৰ বিৰতিৰ অন্তত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত আমাৰ বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব ...
03/11/2022

প্ৰায় দুবছৰ বিৰতিৰ অন্তত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত আমাৰ বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি “পিম্পল” শীৰ্ষক নাটকখনে শ্ৰেষ্ঠ নাটকৰ সন্মান লাভ কৰে৷ উক্ত নাটকখনে বিশ্ববিদ্যালয় সপ্তাহতো শ্ৰেষ্ঠ নাটকৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷নাটকখনৰ এই সফলতাই আমাক যথেষ্ট গৌৰৱান্বিত কৰি তুলিছে৷ অনাগত দিনলৈ অব্যাহত থাকক সাফল্যৰ এই ধাৰা৷

নাটকখনৰ সৈতে জড়িত চন্দ্ৰপ্ৰভা শইকীয়ানী অসম আৰ্হি ৩ নং ছাত্ৰী-নিৱাসৰ চাৰিগৰাকী অভিনেত্ৰী ক্ৰমে অনন্যা মহন্ত,পাহি মহন্ত,মনিষা ডেকা,হিমানী কলিতাৰ লগতে আন দুই গৰাকী অভিনেত্ৰী কস্তুৰী শিৱম,ৰাজলক্ষ্মী দিহিঙ্গীয়াক আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো৷লগতে আপোনালোকক গৌৰৱৰে জনাও যে, এইখন নাটকৰে অভিনেত্ৰী মনিষা ডেকাই যুৱ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ মনিষা ডেকালৈ আমাৰ আৱাসৰ প্ৰত্যেক গৰাকীৰ আৱাসীৰ ফালৰ পৰা হিয়াভৰা শুভকামনা৷

ইয়াৰোপৰি ,কাগজৰ পাণ্ডুলিপি এটাক দিন-ৰাতি একাকাৰ কৰি সফল নাটকৰ ৰূপ দিয়া নাট্যশিল্পী কমল লোচন,মুক্তি মূহূৰ্ত হাজৰিকা, প্ৰণৱ ভৰালী তথা কৌশিক নাথ আৰু আন কলা-কুশলীসকলৰ ওচৰত চন্দ্ৰপ্ৰভা শইকীয়ানী অসম আৰ্হি ৩নং ছাত্ৰী-নিৱাস চিৰদিনলৈ কৃতজ্ঞ হৈ ৰ’ব৷

জয়তু গুৱাহাটী বিশ্ববিদ্যালয়
জয়তু চন্দ্ৰপ্ৰভা শইকীয়ানী অসম আৰ্হি ৩নং ছাত্ৰী-নিৱাস

22/10/2022

Respected alumnae and current boarders of Chandraprabha Saikiani AT-3 Girls Hall, an impromptu meeting has been organised today at the hall for the selection and formation of a new Alumnae Committee besides discussion regarding the future of the hall and various other matters. This much-needed meeting has been pending for a while.

Therefore, your presence is kindly solicited.

Time: 3 PM

Thank you.

গান্ধীৰ দৰে ব্যক্তি এগৰাকীয়ে ভাৰতবৰ্ষত জন্ম গ্ৰহণ কৰাটো ভাৰতবাসীৰ ভাগ্য৷ দেশখনৰ বাবে গান্ধীয়ে কৰা ত্যাগ সদায় স্মৰণীয়৷ বা...
02/10/2022

গান্ধীৰ দৰে ব্যক্তি এগৰাকীয়ে ভাৰতবৰ্ষত জন্ম গ্ৰহণ কৰাটো ভাৰতবাসীৰ ভাগ্য৷ দেশখনৰ বাবে গান্ধীয়ে কৰা ত্যাগ সদায় স্মৰণীয়৷ বাপু জীয়াই থাকক ভাৰতবাসীৰ অন্তৰে অন্তৰে৷ ১৫৩ সংখ্যক গান্ধী জয়ন্তীৰ শুভেচ্ছাৰে...

A.T.3 পৰিয়ালৰ তৰফৰ পৰা আপোনাক আৰু আপোনাৰ পৰিয়ালক শাৰদীয় শুভেচ্ছা যাচিলোঁ ❤️
01/10/2022

A.T.3 পৰিয়ালৰ তৰফৰ পৰা আপোনাক আৰু আপোনাৰ পৰিয়ালক শাৰদীয় শুভেচ্ছা যাচিলোঁ ❤️

মেঘালীৰ জন্মদিন ! ৪৮ বছৰীয়া এটা বৰ্ণিল যাত্ৰা...জন্মদিনৰ শুভ ক্ষণত মেঘালীলৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা৷ এই  যাত্ৰা  আৰু জীপা...
25/08/2022

মেঘালীৰ জন্মদিন ! ৪৮ বছৰীয়া এটা বৰ্ণিল যাত্ৰা...

জন্মদিনৰ শুভ ক্ষণত মেঘালীলৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা৷ এই যাত্ৰা আৰু জীপাল হওঁক৷ জালুকবাৰীৰ প্ৰতিটো প্ৰজন্মৰ বুকুত জিলিকি থাকক মেঘালী৷

Newly elected members of our hostel... Many many congratulations to you three 🌸
25/08/2022

Newly elected members of our hostel... Many many congratulations to you three 🌸

Farewell to the batch 2020-22, Organised by the batch 2021-23
25/08/2022

Farewell to the batch 2020-22, Organised by the batch 2021-23

25/08/2022

AT-3 Up Up ✊✊
Long live AT -3

Inauguration of Handwritten magazine "চিন্তাসুঁতি" 18-08-2022
25/08/2022

Inauguration of Handwritten magazine "চিন্তাসুঁতি" 18-08-2022

Address

South Campus, Gauhati University, Gopinath Bordoloi Nagar, Jalukbari
Guwahati
781014

Website

Alerts

Be the first to know and let us send you an email when Chandraprabha Saikiani A.T.3 Girls' Hall, Gauhati University posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category