16/03/2026
এই বছৰ এতিয়ালৈকে সকলোতকৈ বেছি বিদেশী পৰ্যটক 'আমাৰ আপোন ঘৰ’লৈ আহিছে। যোৱা ২০২১ চনত আমাৰ আপোন ঘৰত প্ৰথমবাৰ বিদেশী অতিথি আহিছিল। তাৰ পিছৰ পৰা প্ৰতি বছৰে এই সংখ্যাটো বাঢ়ি আহিছে। এটা কথা বিশেষকৈ মন কৰিছোঁ যে মাজুলীলৈ যোৱা পৰ্যটকৰ সংখ্যাও সাংঘাতিকভাৱে বাঢ়িছে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সংস্কৃতিয়ে বিশ্বৰ বিভিন্ন দেশৰ মানুহক আকৰ্ষিত কৰিছে। এইটো আমাৰ বাবে অত্যন্ত আনন্দ আৰু গৌৰৱৰ কথা।