Anandapuram

Anandapuram Anandapuram, established in the year 1993 in Nalbari, Assam is a Socio-Cultural Institution (Non-Profit NGO) dedicated towards the Service of Humanity.

Anandapuram, a Socio-Cultural Institution (Non-Profit NGO) dedicated to the Service of Humanity has its base in Nalbari, Assam. It was established in 1993, by its founder Swami Barun Anand. It is one of the pioneering Institution of North East India dedicated towards the promotion of a Healthy, Just and Harmonious Society by inducing Balanced Mind and Body, Scientific Temper and a Sense of Empathy

among the people. At present, Anandapuram is pursuing few of the endeavors through its below given wings:

Institute of Yoga and Meditation
Yoga and Naturopathy Treatment Centre cm Health Retreat
Ananda Vidya Niketan (Previously known as Vivekananda VIdya Niketan)
A.V.N Junior College
Sangeet Kanan (School of Music)
Nalbari Kala Niketan (School of Arts)

Other future Endeavours, currently in the pipeline:

Hostel for Students
Music Therapy through Classical Music (Shastriya Sangit)
Jogger and Children’s Park
Old Age Home

যোগ দিৱস উদযাপন, আনন্দপুৰম, নলবাৰী।Celebration of 'International Yoga Day' at Anandapuram, Nalbari.
25/06/2025

যোগ দিৱস উদযাপন, আনন্দপুৰম, নলবাৰী।
Celebration of 'International Yoga Day' at Anandapuram, Nalbari.

27/06/2024
15/05/2022

ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে
আনন্দৰাম-গুণাভিৰাম-হেমচন্দ্ৰৰ বাটেৰে মঞ্চৰ খোজ
***************
কমলেশ গুপ্ত

ইলোৰা বিজ্ঞান মঞ্চৰ জন্ম-কাহিনী :
************
অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে জনসাধাৰণৰ মাজত বিজ্ঞানমনস্কতাৰ প্ৰসাৰত ব্ৰতী অগ্ৰণী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা হয় ২০০৪ চনৰ ১৫ মে'ত। ইলোৰা ৰায়চৌধুৰীৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে অসম টেক্সটাইল ইনষ্টিটিউটতৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে জন্ম হয় সংগঠনটোৰ।

কৰ্কট ৰোগত আক্ৰান্ত হৈ মাত্ৰ ৩৪ চৌত্ৰিছ বছৰ বয়সতে জীৱন নাট সামৰা ইলোৰা ৰায়চৌধুৰী আছিল এগৰাকী সাধাৰণ মহিলা। বৰপেটাৰ বিখ্যাত ৰামৰায় বংশ তথা অম্বিকাগিৰি ৰায়চৌধুৰী পৰিয়ালৰ এই সাধাৰণ মহিলাগৰাকীয়ে এক অসাধাৰণ কামৰ মাজেৰে অসমত ইতিহাস ৰচি গ'ল। তেৱেঁই আছিল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম মহিলা যি মানৱ-কল্যাণ তথা চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে মৰণোত্তৰ দেহদান আৰু নেত্ৰদান কৰি জীৱন মহীয়ান কৰি গ'ল, গাই গ'ল মৃত্যুঞ্জয়ী জীৱনৰ জয়গান। ছাত্ৰী অৱস্থাতে মেধা আৰু প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা ইলোৰাই প্ৰগতিশীল ছাত্ৰ আন্দোলনৰ মাজেৰে মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি আকৃষ্ট হৈছিল। ধর্মীয় সংকীৰ্ণতা, ভেদাভেদ, পৰম্পৰা আৰু প্ৰাচীৰ নমনা ইলোৰাৰ ধমনীত অবিৰাম প্ৰবাহিত হৈছিল মানৱতাৰ সঞ্জীৱনী সুধা। নিৰ্ভীক, স্পষ্টবাদী আৰু স্বাধীনমনা মহিলাগৰাকীৰ হৃদয়ৰ গভীৰত প্রোথিত হৈছিল ধৰ্মনিৰপেক্ষ প্ৰমূল্যসমূহৰ বীজ। তেওঁ জীৱন-সংগী হিচাপেও নিৰ্বাচন কৰি লৈছিল বাঁওপন্থী নেতা, জন্মসূত্ৰে মুছলমান ইচফাকুৰ ৰহমানক।

ইলোৰা বিজ্ঞানী নাছিল। বোধহয় বিজ্ঞানৰ পৰিভাষাও বুজা নাছিল। কিন্তু কথা-বাৰ্তা, কাম-কাজত বিজ্ঞানমনস্কতাৰ আকাশ স্পৰ্শ কৰিব খুজিছিল। তেওঁ অন্ত:কৰণে ঘৃণা কৰিছিল সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ। গণতান্ত্ৰিক মহিলা আন্দোলনৰ সেনানী ইলোৰা 'ডাইনী বিশ্বাস'ৰ নামত চলা হত্যা-নিৰ্যাতন-অত্যাচাৰ আদিৰ বিৰুদ্ধে আছিল সোচ্চাৰ। গোৱালপাৰা জিলাৰ দুধনৈ অঞ্চলৰ ভিতৰুৱা গাঁৱত 'ডাইনী'ৰ নামত আক্ৰান্ত, নিগৃহীত আৰু নিৰ্যাতিতা মহিলা শুভদ্ৰা বসুমতাৰীক চিকিৎসাধীন অৱস্থাত নিজৰ কোঠাত শোৱাপাতিত ৰাখি নিজৰ ৰোগীয়া দেহাৰেই ইলোৰাই শুশ্ৰূষা আৰু পৰিচৰ্যা কৰিছিল। নাৰীৰ সম-মৰ্যাদা আৰু সম-অধিকাৰৰ বাবে যুঁজ কৰা মহিলা গৰাকীয়ে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ চাকৰিত নিযুক্ত হৈ থাকিও নিজ কৰ্মক্ষেত্ৰৰ পৰা উভতি আহি সন্ধিয়া পৰত ঘৰুৱা সহায়ক হিচাপে কাম কৰা নিৰক্ষৰ মহিলা সকলক সাক্ষৰ কৰাৰ বাবে হেদায়েটপুৰত মহিলা সমিতিয়ে আৰম্ভ কৰা শিক্ষা কেন্দ্ৰটোত বিনা পাৰিশ্ৰমিকে শিক্ষাদান কৰিছিল। স্বাভাৱিকতে ইলোৰা অতি প্ৰিয়ভাজন হৈ পৰিছিল চুবুৰীয়া দুখীয়া মহিলা সকলৰ মাজত।

২০০৩ চনৰ ১৫ মে'ত অকাল মৃত্যু হোৱা ইলোৰা ৰায়চৌধুৰীৰ মৰণোত্তৰ দেহদানে অসমত এক আলোড়ন সৃষ্টি কৰে। ৰাজ্যখনৰ লগতে দেশ-বিদেশৰো সংবাদ মাধ্যমত বহুল প্ৰচাৰ হয় অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পাহাৰ ভাঙি মৃত্যুক জয় কৰা ইলোৰাৰ বিজ্ঞানমনস্কতাৰ সাহসী আৰু প্ৰেৰণাদায়ক কাহিনী। অসমীয়া প্ৰতিদিন, দৈনিক অসম, দৈনিক জনমভূমি, প্ৰভৃতি কাকতৰ সম্পাদকীয় স্তম্ভত উচ্চ প্ৰশংসিত হয় অনন্যা মহিলা গৰাকীৰ বিৰল কীৰ্তি আৰু মৃত্যুৰ পাছতো মানৱসেৱাৰ উৎকৃষ্ট নিদৰ্শন। ইলোৰাৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বহু বিশিষ্ট বিজ্ঞানী আৰু সমাজ বিজ্ঞানী, শিক্ষক-শিক্ষাবিদ, শিল্পী-সাহিত্যিকৰ লগতে সমবেত হয় তিনি শতাধিক বিজ্ঞানমনস্ক লোক। সেই অনুষ্ঠানতে ইলোৰাৰ স্মৃতিত প্ৰতিষ্ঠা কৰা হয় 'ইলোৰা বিজ্ঞান মঞ্চ' নামৰ স্বেচ্ছাসেৱী সংগঠনটো।

বিজ্ঞানমনস্কতাৰ প্ৰসাৰ আৰু সমাজসেৱাত ব্ৰতী বিজ্ঞান মঞ্চ
*********
ইলোৰা বিজ্ঞান মঞ্চই নিজৰ সীমিত সামৰ্থ্য আৰু সীমাবদ্ধতাৰ মাজেৰে প্ৰতিষ্ঠা-পৰ্বৰ পৰাই সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে, বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ লক্ষ্যৰে যুঁজৰ পাতনি মেলে। মানৱ-কল্যাণ আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে মৰণোত্তৰ অংগদান, নেত্ৰদান, দেহদান আদিক উৎসাহিত কৰাৰ বাবে মঞ্চই নিৰলসভাৱে কাম কৰি আহিছে আৰু বিজ্ঞান চেতনাৰে উদ্বুদ্ধ বহু মানুহৰ পৰা পাইছে অনিৰ্বচনীয় সঁহাৰি। মঞ্চৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছত এতিয়ালৈ ১৫৯ জন মানৱহিতৈষী লোকৰ মৰণোত্তৰ দেহ অসমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় কেইখনক দান কৰা হৈছে। এইসকল বিজ্ঞানমনস্ক লোকৰ ভিতৰত আছে প্ৰখ্যাত ইতিহাসবিদ ডঃ অমলেন্দু গুহ, যুক্তিবাদী লেখক হৰেন্দ্ৰ নাথ শৰ্মা, বেদ বিশাৰদ উমা চক্ৰৱৰ্তী, বিশিষ্ট সমাজসেৱী তথা ইলোৰাৰ আত্মীয় শুচিব্ৰতা ৰায়চৌধুৰী, অগ্নিকণ্যা কমলা মজুমদাৰ, স্বাধীনতা সংগ্ৰামী ডাঃ উদয়চন্দ্ৰ তালুকদাৰ, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াদ্বয় ক্ৰমে আফতাবুদ্দিন আহমেদ আৰু দিলীপ বৰঠাকুৰ, চি পি আই (এম) দলৰ প্ৰাক্তন বিধায়কদ্বয় ক্ৰমে নিজামুদ্দিন খান আৰু বিপিন হাজৰিকা, লেখিকা তথা অৱসৰপ্ৰাপ্ত অধ্যাপিকা মিনতি হাজৰিকা, অধ্যাপক অৱনীচন্দ্ৰ গোস্বামী আৰু অনিমেশ মেধি, শিক্ষক ভৱদেৱ গোস্বামী, অৱনী প্ৰসাদ বৰুৱা, বলেন বৰুৱা প্ৰমুখ্যে বহু বিশিষ্ট লোক। আনহাতে প্ৰায় দুই সহস্ৰাধিক লোকে এতিয়ালৈ মৰণোত্তৰ দেহদানৰ ইচ্ছা পত্ৰত স্বাক্ষৰ কৰি থৈছে। ৰক্তদান আন্দোলনক জনপ্ৰিয় আৰু দৃষ্টিহীনজনক দৃষ্টিদানৰ উদ্দেশ্যে নেত্ৰদান আন্দোলনক উৎসাহিত কৰাৰ বাবেও বিজ্ঞান মঞ্চই অহোপুৰুষাৰ্থ চেষ্টা কৰিছে।

'ডাইনী' বিশ্বাসৰ দৰে সমাজৰ ক্ষতিকাৰক অন্ধবিশ্বাস, ভুৱা কবিৰাজ, জ্যোতিষী তথা জ্যোতিষ-শাস্ত্ৰ, বাস্তু-শাস্ত্ৰ, ভণ্ড বাবা-ফকীৰ, তাবিজ-মাদুলি, বেজ-বেজালি, আদি ঠগ-প্ৰবঞ্চনাৰ বিরুদ্ধেও জনসজাগতা সৃষ্টিৰ বাবে বিজ্ঞান মঞ্চই সম-মনোভাবাপন্ন সংগঠনসমূহৰ সৈতে যৌথভাৱে কাম-কাজ কৰিছে। জনসাধাৰণৰ মাজত স্বাস্থ্য সজাগতা বৃদ্ধি, জলবায়ু পৰিবৰ্তন তথা পৰিৱেশ সংৰক্ষণ আদি বিষয়বোৰতো বিজ্ঞান মঞ্চই সীমিত সামৰ্থ্যৰে নিজৰ ভূমিকা পালন কৰি আছে। নিখিল ভাৰত জনবিজ্ঞান সংস্থাৰো অন্যতম অংশীদাৰ হ'ল ইলোৰা বিজ্ঞান মঞ্চ।

বিজ্ঞান মঞ্চই প্ৰতি বছৰে ১৫ মে'ত 'প্ৰতিষ্ঠা দিৱস' পালন কৰাৰ উপৰি ২০০৫ চনৰ পৰা যথাযোগ্য মৰ্যাদাৰে হেমকোষ প্ৰণেতা তথা আধুনিক অসমৰ অগ্ৰদূত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো (১০ ডিচেম্বৰ) 'অন্ধবিশ্বাস আৰু কুসংস্কাৰবিৰোধী দিৱস' হিচাপে পালন কৰি আহিছে। দৰাচলতে ঊনবিংশ শতিকাৰ অসমৰ যুক্তিবাদী ঐতিহ্য বহন কৰি আনন্দৰাম, গুণাভিৰাম, হেমচন্দ্ৰৰ বাটেৰেই ইলোৰা বিজ্ঞান মঞ্চই খোজ দিছে। বিশেষকৈ হেমচন্দ্ৰ বৰুৱাৰ চিন্তাধাৰা গাঁৱে-ভূঞে বিয়পাই দিয়াৰ বাবে মঞ্চই নিৰলস প্ৰচেষ্টা চলাই আছে। হেমচন্দ্ৰৰ জীৱন দর্শন আৰু তেওঁৰ অক্ষয় কীৰ্তি অসমীয়া জাতিৰ গৌৰৱ আৰু আপুৰুগীয়া সম্পদ। তেওঁ কেৱল ভাষা-সাহিত্যৰ একনিষ্ঠ সেৱক আৰু 'অসমীয়া ভাষাৰ ওজা' নাছিল। ঊনবিংশ শতিকাৰ অসমৰ এলান্ধুকলীয়া সমাজখনত যুক্তিবাদী আৰু বিজ্ঞানমনস্ক আন্দোলনৰ অন্যতম বাটকটীয়া আছিল হেমচন্দ্ৰ বৰুৱা। সম্পূৰ্ণ আধুনিক মনৰ মানুহজন ধৰ্মান্ধ নাছিল, বৰং ধৰ্মীয় গোড়ামী, ভণ্ডামি আৰু ভ্ৰষ্টাচাৰক ব্যংগ সাহিত্যৰ বাণেৰে থকা-সৰকা কৰিছিল। নাৰীৰ সম-মৰ্যাদা আৰু সম-অধিকাৰৰ বাবেও তেওঁ আছিল সৰৱ। প্ৰাচীন পৰম্পৰা আৰু প্ৰমূল্যৰ স্বৰূপ তেওঁ যুক্তিৰ আধাৰত বিচাৰ-বিশ্লেষণ কৰিছিল। সেয়ে ইলোৰা বিজ্ঞান মঞ্চৰো অন্যতম আদৰ্শ পুৰুষ পণ্ডিত হেমচন্দ্ৰ বৰুৱা।

ইলোৰা বিজ্ঞান মঞ্চই পাতনি মেলা বিজ্ঞানমনস্কতাৰ হকে যুঁজখন খুব সহজ নহয়। সন্মুখত কঠিন প্ৰত্যাহ্বান। আজি ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত চলিছে অন্ধবিশ্বাস আৰু অন্ধসংস্কাৰৰ মহা মহা আয়োজন। চৰম প্ৰতিক্ৰিয়াশীল, সাম্প্ৰদায়িক আৰু ধৰ্মীয় মৌলবাদী শক্তিসমূহ বিজ্ঞান-চেতনাৰ প্ৰসাৰ আৰু সমাজ ৰূপান্তৰৰ প্ৰধান প্ৰতিবন্ধক হৈ দেখা দিছে। কিন্তু সমাজ গতিশীল। নব্য চিন্তাৰ নায়কসকলে যুগ-যুগান্তৰৰ পৰাই সমাজক আগুৱাই নিয়াত চৰম ত্যাগ স্বীকাৰ কৰিছে আৰু প্ৰয়োজনত শ্বহীদৰ মৃত্যুবৰণ কৰিছে। ৰাইজেও সমাজৰ অগ্ৰগতিত নিৰ্ণায়কৰ ভূমিকা লৈছে।

আজি অসমত বহু শুভবুদ্ধিসম্পন্ন মানুহে ইলোৰা বিজ্ঞান মঞ্চৰ কাম-কাজৰ প্ৰতি বিপুল সঁহাৰি জনাইছে আৰু অনুষ্ঠানটোৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰিছে। ৰাজ্যত বিভিন্ন প্ৰান্তত ইতিমধ্যে মঞ্চৰ ৪৪ টা শাখা গঠন হৈছে আৰু শাখাসমূহৰ সৈতে ভালেসংখ্যক বিশিষ্ট নাগৰিক, চিকিৎসক, শিক্ষক-শিক্ষাবিদ, ছাত্ৰ-যুৱ, সমাজকৰ্মী আৰু বিজ্ঞানমনস্ক লোক জড়িত হৈ পৰিছে। ৰাইজৰ সহায়-সমৰ্থন, আশীষ, স্বীকৃতি আৰু শুভকামনাই হ'ল বিজ্ঞান মঞ্চৰ একমাত্ৰ মূলধন।

অসমৰ সৰ্ববৃহৎ সংবাদ প্ৰতিষ্ঠান 'সাদিন-প্ৰতিদিন গোষ্ঠী' আৰু 'হেমকোষ প্ৰকাশন'-এ ২০১৮ বৰ্ষৰ *হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা সমাজচেতনা বঁটা* ইলোৰা বিজ্ঞান মঞ্চক প্ৰদান কৰে। এয়াও আছিল এক বিৰল সামাজিক স্বীকৃতি। এইবেলি অহা ১৫ মে' ২০২২ত বিজ্ঞান মঞ্চৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ দিনাই অধ্যাপক *ভৱপ্ৰসাদ চলিহা ন্যাসে* ইলোৰা বিজ্ঞান মঞ্চক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব *ভৱপ্ৰসাদ চলিহা মানৱতা বঁটা*। ইয়াৰ বাবে বিজ্ঞান মঞ্চ আনন্দিত, গৌৰৱান্বিত আৰু অনুপ্ৰাণিত হৈছে। এই সুযোগতে মঞ্চই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে 'হেমকোষ প্ৰকাশন' আৰু 'সাদিন- প্ৰতিদিন গোষ্ঠী, অধ্যাপক ভৱপ্ৰসাদ চলিহা ন্যাস প্ৰভৃতি অনুষ্ঠান-প্ৰতিষ্ঠানক।

সমাজত বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰ আৰু মানৱতাবাদী কাম-কাজ আগুৱাই নিয়াৰ বাবে বহু লোকে ইলোৰা বিজ্ঞান মঞ্চৰ পুঁজিলৈ আৰ্থিক সাহায্য আগবঢ়াইছে। এই সকল সদাশয় লোকৰ প্ৰতি আমি কৃতজ্ঞ। তালিকা প্ৰকাশ কৰিলে দীঘলীয়া হ'ব। কিন্ত উল্লেখ কৰা উচিত হ'ব সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট লেখিকা প্ৰয়াত তোষপ্ৰভা কলিতাৰ দানৰ কথা। তেখেতে বেংকত সঞ্চিত সাহিত্যিক পেঞ্চনৰ ধনৰ হিংসভাগ (মুঠ তিনি লাখ টকা) বিজ্ঞান মঞ্চৰ পুঁজিলৈ দান দি যায়। সেইদৰে শিক্ষাবিদ ডঃ ইন্দ্ৰানী দত্ত আৰু ৰবীন দত্ত, ডঃ অমলেন্দু গুহৰ পুত্ৰ সুপ্ৰতীক গুহ, বিজ্ঞান মঞ্চৰ শিৱসাগৰ অঞ্চলৰ অক্লান্ত কৰ্মী মিহিৰ ভৰালী, বিশিষ্ট বুদ্ধিজীৱী-চিন্তাবিদ প্ৰসেনজিৎ চৌধুৰী, পুনেৰ ৰোগ প্ৰতিষেধক বিজ্ঞান (Immunology)ৰ অধ্যাপক ডঃ সত্যজিৎ ৰথ প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তিয়ে উল্লেখযোগ্য দান-বৰঙণি আগবঢ়াই আমাক ধন্য আৰু অনুপ্ৰাণিত কৰিছে। অলপতে ইউ বি আই এম্পলয়ীজ ইউনিয়নৰ চেণ্ট্ৰেল আছাম ৰিজনেল কমিটিৰ পক্ষৰ পৰাও বিজ্ঞান মঞ্চৰ পুঁজিলৈ দুই লাখ টকা দান হিচাপে আগবঢ়াইছে। ইলোৰা বিজ্ঞান মঞ্চ সকলোৰে প্ৰতি কৃতজ্ঞ।

ইলোৰা বিজ্ঞান মঞ্চই ৰাইজৰ সহায়-সমৰ্থন, শুভেচ্ছা আৰু সহযোগত কাম কৰি যাবলৈ সংকল্পবদ্ধ।
**********
(লেখক ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক। মোবাইল: ৯৪৩৫৫-৫০২০৭)।

২০১৮ চনৰ ১৫ মে'ত 'অসমীয়া প্ৰতিদিন' কাকতত প্ৰকাশিত লেখাটোত কেৱল তথ্যগত update সংযোগ কৰি ইয়াত পোষ্ট কৰা হ'ল।

Anandapuram yoga & naturopathy hospital.
06/12/2021

Anandapuram yoga & naturopathy hospital.

At Institute of yoga and meditation Anandapuram nalbari.Date- 05-12-2021
06/12/2021

At Institute of yoga and meditation Anandapuram nalbari.Date- 05-12-2021

International Day of Yoga-2021Amidst the raging Covid-19 Pandemic, Anandapuram, Nalbari has celebrated the 7th Edition o...
23/06/2021

International Day of Yoga-2021

Amidst the raging Covid-19 Pandemic, Anandapuram, Nalbari has celebrated the 7th Edition of International Day of Yoga-2021 at its own premise.

Read our latest blog post on 'Pranayama'.
23/06/2021

Read our latest blog post on 'Pranayama'.

Blog Anandapuram Pranayama Posted on June 23, 2021 by Jeet Pranayama is one of the most important parts of the yoga system that was discovered about 4,000 years ago. Pranayama means Life + Control. In simpler sense, Prana means Air and Ayam means Control. In other words, Pranayam is a specialised me...

Check out the latest Blog Post..."Points to remember for the ‘Yoga & Pranayama’ practitioners"
14/06/2021

Check out the latest Blog Post...
"Points to remember for the ‘Yoga & Pranayama’ practitioners"

Blog Anandapuram Points to remember for the ‘Yoga & Pranayama’ practitioners Posted on June 14, 2021 by Jeet 1. Mental preparedness is the first thing needed to practice yoga and pranayama. Once we are prepared, we can practice yoga regularly to stay healthy. 2. Discipline and regularity are the...

Address

Anandapuram, Gopal Bazar, Near Army Camp
Nalbari
781335

Alerts

Be the first to know and let us send you an email when Anandapuram posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Anandapuram:

Share