10/07/2022
'সাহিত্য একাডেমী এৱাৰ্ড' আৰু 'সৰস্বতী সম্মান'ৰ দৰে সাহিত্যৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰা ছাৰ "গৰীয়সী" আলোচনী খনৰ সম্পাদক হৈ থাকোতে মিডৱে ধাৱাৰ কথা লিখিছিল । তেনেকৈয়ে ছাৰক মিডৱে ধাৱাত লগ পাইছিলো আৰু পৰৱৰ্তী সময়ত আমাৰ মাজত প্ৰায় কথা বতৰা হৈছিল । এইফালে আহিলে আমাৰ ধাৱাত এবাৰ সোমাবই, কিজানি আমাৰ ব্যৱহাৰ লগতে অসমীয়া লৰা হিচাপে ব্যৱসায় আৰম্ভ কৰা দেখি তেওঁ আনন্দিত হৈছিল ! এতিয়া তেওঁ আমাৰ মাজত নাই । কিন্তু ছাৰৰ সুযোগ্য সন্তান ত্ৰিদিব নন্দন বৰা দেৱে গৰীয়সী আলোচনীৰ সম্পাদকীয় অ-সম্পাদকীয়খিনিৰ মাজৰ পৰা কিছুমান বাছনি কৰি পুথিৰ ৰূপ দিলে । জ্যোতি প্ৰকাশনে প্ৰকাশ কৰিলে "গৰীয়সীৰ বাছকবনীয়া সম্পাদকীয় অ-সম্পাদকীয়" নামেৰে । পুথিখনতো "মিডৱে ধাৱা"ৰ বিষয়ে লিখা সংকলনটি পুনৰ দেখি খুব আনন্দিত হলো ।
সকলোৱে আশীৰ্বাদ কৰিব🙏